আহিবানে তুমি
নৱ বৰ্ষৰ দৰে
মনৰ মৰুদ্যান উৰ্বৰ কৰিবলে,
হৃদয়ক হৃদয় দিবলে ।
বিচাৰি ফুৰো আকাশ বতাহত
সিচিঁবলৈ সুপ্ত মৰম
তেজ ৰঙা তোমাৰ দুটি ওঁঠত,
পাতিম যে কথা হিয়া উজাৰি
গাম মই গীত নদীৰ পাৰত;
ফুৰিম মই অৰঙ-দৰঙ
হিয়াৰ গভীৰ উপত্যকাত
আকিম তোমাক মই
হৃদয় বাকৰিৰ মহা শূণ্যতাত ।
যাঁচিম মৰম ভাষাহীন ভাষাত
উপভোগ কৰিম দুয়ো
ব'হাগৰ কিনকিনীয়া বৰষুণ জাক
দুটি দেহৰ অমিয়া সুবাস ।
আশাৰ বন্তি, সৰগৰ শান্তি
মৰম নিজৰা হৈ
আহিবানে তুমি ?